২০৩৬ চনত অলিম্পিক গেমছ অনুষ্ঠিত কৰিবলৈ ভাৰতে শক্তিশালী দাবী আগবঢ়াবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

২০৩৬ চনত অলিম্পিক গেমছ অনুষ্ঠিত কৰিবলৈ ভাৰতে শক্তিশালী দাবী আগবঢ়াব। বাৰানসীত অনুষ্ঠিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্রতিযোগিতা উদ্বোধন কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে দিয়া ভাষণত শ্রীমোদীয়ে কয় যে ২০১৪ চনৰ পাছত ক্রীড়াৰ বিভিন্ন ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শন চকুত লগাকৈ উন্নত হৈছে। তেওঁ কয়, যে খেলপথাৰত যেতিয়া তৰুণ প্রজন্মই ত্ৰিৰংগ পতাকা উৰুৱাই, তেতিয়া সমগ্র দেশে গৌৰৱ অনুভৱ কৰে। প্রত্যেকগৰাকী লোকৰে নিজৰ ভূমিকা, দায়িত্ব আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলেহে সাফল্য লাভ কৰিব পাৰি। দেশ এতিয়া সেই পথেৰে আগবাঢ়িছে বুলিও শ্রীমোদীয়ে প্রকাশ কৰে।

এই প্রতিযোগিতা বাৰানসীৰ ড° সম্পূর্ণানন্দ ক্রীড়া স্টেডিয়ামত আজিৰে পৰা ১১ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব। এইবাৰৰ প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ ৭৩টা দলৰ এহেজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।