২০৩০ চনৰ ভিতৰত ভাৰত আৰু ৰাছিয়াই দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ’ব পৰা যাব তাকেই সুচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজে অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছিয় অর্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা আৰম্ভ হোৱা বুলি তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে ব্যৱসায়েই হওক বা কূটনীতিয়েই হওক যিকোনো সহযোগিতাৰ মূল ভেটি হৈছে আস্থা। তেওঁ লগতে ভাৰত-ৰাছিয়াৰ মাজৰ সম্পৰ্কৰ মূল শক্তি আস্থা বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আস্থাই ফুটিয়া প্রচেষ্টাসমূহক গতি প্ৰদান কৰি আহিছে আৰু নতুন সপোন তথা আশা-আকাংক্ষাৰ ভেটিৰূপে কাম কৰি আহিছে।

ভাৰত আৰু ৰাছিয়াই নিৰ্ধাৰিত সময়ৰ পূৰ্বে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয়, যে এই ক্ষেত্ৰৰ সফলতাক লৈ তেওঁৰ আত্মবিশ্বাস দিনক দিনে বৃদ্ধি পাইছে। শুল্ক আৰু অনাশুল্ক বাধা হ্ৰাস কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে আগশাৰীৰ ব্যৱসায়ীসকল এই প্ৰচেষ্টাৰ মূল শক্তি বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰত আৰু ৰাছিয়া সম্প্ৰতি উদ্ভাৱন, সহউৎপাদক আৰু সহস্ৰজনৰ নতুন যাত্ৰাৰ ব্ৰতী হৈছে। ভাৰত গোলকীয় প্ৰত্যাহ্বানৰ স্থায়ী সমাধান সুত্ৰ উলিওৱাৰ বাবে ৰাছিয়াৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈ সাজু বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰত সম্প্ৰতি বিশ্বৰ দক্ষতাৰ ৰাজধানীৰূপে পৰিগণিত হৈছে আৰু ভাৰতৰ যুৱ প্ৰজন্মৰ গোলকীয় আৱশ্যকতা পূৰণৰ পূৰ্ণ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।