২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ খণ্ড প্ৰায় ৩৫ হেজাৰ কোটি ডলাৰ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে

ভাৰতৰ বস্ত্ৰ খণ্ড ২০৩০ চনৰ ভিতৰত প্ৰায় ৩৫ হেজাৰ কোটি ডলাৰ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। আগষ্টত প্ৰকাশ পোৱা দেশৰ বাণিজ্য তথ্য অনুসৰি ৰেডিমেড পোছাকৰ ক্ষেত্ৰত খণ্ডটোত বিগত বৰ্ষৰ তুলনাত ১১ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে। বস্ত্ৰ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিত এই বুলি কৈছে যে, ভাৰত চৰকাৰে বহুতো আঁচনি আৰু নীতিৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিছে। বিজ্ঞপ্তিখনত এই বুলিও কোৱা হৈছে যে, অহা ৩ৰ পৰা ৫ বছৰৰ ভিতৰত পি এম মিত্ৰ পাৰ্ক আৰু পি এল আই আঁচনিৰ জৰিয়তে এই খণ্ডটোত ৯০ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।