ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ পৰিকল্পনা সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ

● ২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ১০ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে এটা ফলপ্রসূ আলোচনাত মিলিত হৈ এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰি অনাগত দিনত ৰাজ্যখনত ৰূপায়ণ হ’বলগীয়া কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ বিশেষকৈ নামৰূপত নতুন সাৰ কাৰখানা স্থাপনৰ কাম শীঘ্ৰেই আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰে। ড০ শৰ্মাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে প্ৰদান কৰা ধন সময়মতে মোকলাই দিয়াৰ বাবেও শ্ৰীমতী সীতাৰমণক অনুৰোধ জনায়। এই আলোচনাকালত ৰাজ্যখনৰ বিকাশৰ ৰূপৰেখাক প্ৰাধান্য দি দ্রুতগতিত উন্নয়নেৰে সমৃদ্ধ হোৱা দেশৰ আন ৰাজ্যসমূহৰ ভিতৰত অসমকো অন্তৰ্ভুক্ত কৰাৰ বিষয়ত আলোচনা কৰা হয় ৷

মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পূর্বে কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ কৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মূলতঃ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান, আই আই এমৰ চৌহদ কাৰ্যকৰী কৰাৰ সময়সীমাৰ বিষয়ে আলোচনা কৰে।