ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 4, 2025 8:01 PM | Census

printer

২০২৭ চনৰ ১ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ জাতি-ভিত্তিক লোকপিয়লৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৭ চনৰ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ সমগ্ৰ দেশতে জাতি-ভিত্তিক লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ তুষাৰপাত হোৱা অঞ্চলসমূহত ইয়াৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰক ভিত্তি-তাৰিখ হিচাপে লোৱা হ’ব। জাতি-ভিত্তিক লোকপিয়লৰ বাবে অহা ১৬ জুনত আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, দেশত ২০১১ চনত অনুষ্ঠিত শেহতীয়া লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ইয়াৰ প্ৰথম পৰ্যায়ত বাসগৃহসমূহ চিহ্নিত কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হৈছিল। প্ৰতি দশকৰ মূৰে মূৰে হ’বলগীয়া এই লোকপিয়ল ২০২১ চনত কৰিবলগীয়া আছিল যদিও কোভিড মহামাৰীৰ বাবে ইয়াৰ কাম স্থগিত ৰখা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।