ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উত্তৰ গুৱাহাটীত আজি দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই একাডেমী দুখনৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আহিব। ড০ শৰ্মাই কয় যে বিশ্বমানৰ খেলুৱৈ সৃষ্টি কৰিবলৈ হ’লে খেলুৱৈসকলৰ বাবে বিশ্বমানৰ সা-সুবিধা সৃষ্টি কৰিব লাগিব আৰু অসমত এনে প্ৰচেষ্টা চলি আছে। ৰাজ্যৰ প্ৰতিখন জিলাতে ক্ৰীড়াৰ অনুশীলনৰ বাবে উত্তম আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে আৰু প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৪০ বিঘা ভূমিত নিৰ্মাণ কৰা অসম ক্রিকেট সন্থাৰ ক্ৰিকেট একাডেমী আৰু গুৱাহাটী টাউন ক্লাৱৰ ফুটবল একাডেমী দুখনত হোষ্টেল, জিম, পেভিলিয়ন, ইনড’ৰ ষ্টেডিয়াম আৰু খেলপথাৰকে ধৰি সকলো ধৰণৰ সা-সুবিধা আছে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অশোক সিংহাল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।