চৰকাৰে ২০২৬-২৭ চনৰ বিপণনৰ বাবে সকলো বাধ্যতামূলক ৰবি শস্যৰ নূন্যতম সমর্থন মূল্য (এমএছপি) বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্রীসভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি প্ৰতি কুইণ্টলত মচুৰ দাইল ৩০০ টকা, সৰিয়হৰ ২৫০ টকা, বাৰ্লি ১৭০ টকা, আৰু ঘেঁহু ১৬০ টকা এম এছ পি বৃদ্ধি কৰা হৈছে ৷ কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে সংশোধিত এমএছপিসমূহে কৃষকসকলক কেৱল উন্নত লাভৰ সুবিধা প্ৰদান কৰাই নহয়, শস্যৰ বৈচিত্ৰ্যকো উৎসাহিত কৰিব তথা ভাৰতৰ কৃষি অর্থনীতিত অধিক অৰিহণা যোগাব।
ঘৰুৱা উৎপাদন বৃদ্ধি আৰু দাইলৰ স্বাৱলম্বীতা লাভৰ লক্ষ্যৰে মিছন ফৰ আটমনিৰ্ভৰ্তা ইন পালছত কেন্দ্রীয় কেবিনেটে অনুমোদন জনায়। ২০২৫-২৬ চনৰ পৰা ২০৩০-৩১ চনলৈ ছবছৰীয়া সময়ছোৱাত ১১ হাজাৰ ৪৪০ কোটি টকাৰ আৰ্থিক ব্যয়ৰে এই অভিযান কাৰ্যকৰী কৰা হ’ব। শ্ৰী বৈষ্ণৱে কয় যে, এই দাইল অভিযানে ২০৩০-৩১ চনৰ ভিতৰত উৎপাদন ৩৫০ লাখ টনলৈ বৃদ্ধি কৰিব। তেওঁ কয়, ইয়াৰ দ্বাৰা উন্নত বীজ,শস্য চপোৱাৰ পাছৰ আন্তঃগাঁথনি আৰু নিশ্চিত ক্ৰয়ৰ জৰিয়তে দুই কোটি কৃষক উপকৃত হ’ব। তেওঁ লগতে কয় যে এই অভিযানে অধিক উৎপাদনশীল, কীট-পটংগ প্ৰতিৰোধী আৰু জলবায়ু প্ৰতিৰোধী দাইলৰ বীজৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । কেন্দ্ৰীয় মন্ত্রীসভাই কালি ৫ হাজাৰ ৮৬২ কোটি টকাতকৈ অধিক ব্যয়ৰে সমগ্ৰ দেশতে ৫৭টা নতুন কেন্দ্রীয় বিদ্যালয় মুকলি কৰিবলৈও অনুমোদন জনায়। শ্রী বৈষ্ণৱে কয় যে যিবোৰ জিলাত কোনো কেন্দ্ৰীয় বিদ্যালয় নাই, সেইবোৰ জিলাত ২০খন কেন্দ্ৰীয় বিদ্যালয় মুকলি কৰা হ’ব। ইয়াৰ দ্বাৰা ৮৭ হাজাৰ ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব আৰু চাৰি হাজাৰ ছশ অতিৰিক্ত শিক্ষক পদৰ সৃষ্টি হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।
Site Admin | October 2, 2025 12:56 PM | MSP
২০২৬-২৭ চনৰ বিপণনৰ বাবে সকলো বাধ্যতামূলক ৰবি শস্যৰ নূন্যতম সমর্থন মূল্য বৃদ্ধি
