July 8, 2025 8:38 PM | Haj Apply

printer

২০২৬ বৰ্ষত হজ যাত্ৰাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ

হজ কমিটিয়ে ২০২৬ বৰ্ষত হজ যাত্ৰাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। হজযাত্রীসকলে আনুষ্ঠানিক হজ পোৰ্টেল আৰু হজ সুবিধা মোবাইল এপৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। ৩১ জুলাইলৈ আবেদন মুকলি থাকিব। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে, আবেদনৰ বাবে অন্তিম সময়সীমা বা তাৰ পূৰ্বে জাৰি কৰা ভাৰতীয় পাছপোর্ট থাকিব লাগিব আৰু এই পাছপোর্ট কমেও ২০২৬ বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বৈধ হব লাগিব । কমিটিয়ে লগতে আবেদনকাৰীসকলক আবেদনৰ পূৰ্বে যাত্ৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হয় নে নহয় সেয়া চালি জাৰি চাবলৈ পৰামৰ্শ আগবঢ়াইছে। মৃত্যু বা গুৰুতৰ চিকিৎ‍সাজনিত পৰিস্থিতিৰ বাহিৰে আবেদন বাতিল কৰিলে জৰিমণা ভৰিব লগা হব আৰু বিত্তীয় লোকচান হব পাৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।