● ২০২৬ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত আন্দোলন পুনৰ আৰম্ভ হৈছে। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবীত কালি তিনিচুকীয়া জিলাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত এটা বৃহৎ জোঁৰ সমদল উলিওৱা হয়। জনজাতিকৰণ মৰাণসকলৰ নাৰ্য্য প্রাপ্তি বুলি দাবী কৰি এই লৈ কোনোধৰণৰ ৰাজনৈতিক বঞ্চনা সহ্য কৰা নহ’ব বুলি জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিনিধিয়ে কালি তিনিচুকীয়া চহৰত এই প্রতিবাদত ভাগ লয়। তিনিচুকীয়া আই টি আই খেলপথাৰৰ পৰা নগৰখনৰ থানা চাৰিআলি লৈ প্ৰায় ৫ কিলোমিটাৰ পথজুৰি জোঁৰ সমদল কৰি প্ৰতিবাদী মৰাণ জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰি এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত ডিব্ৰুগড় আৰু অৰুণাচল প্ৰদেশৰ আৱাসী মৰাণ সকলেও অংশগ্ৰহণ কৰে। মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়াই অসমৰ অন্যতম আদিম জনগোষ্ঠী মৰাণসকলৰ জাতিগত সুৰক্ষাৰ বাবে প্ৰয়োজন হ’লে অর্থনৈতিক অৱৰোধো কৰা হ’ব বুলি মন্তব্য কৰে।
কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত গোলকগঞ্জত কালি এটা জোঁৰ সমদল উলিওৱা হয়। প্রশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ পাছতো কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাশ অংশগ্ৰহণকাৰীয়ে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত উপস্থিত হৈ সমদল কৰি ৰাস মেলা ময়দানত সমবেত হয়। ইয়াৰ পাছত সমদলকাৰীসকলে জোঁৰ লৈ জনজাতিকৰণৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীসকলক ছত্রভংগ দিবলৈ লাঠীচালনা কৰে। লাঠীচালনাত অর্ধশতাধিক প্ৰতিবাদকাৰী আহত হয়। সংকটজনক অৱস্থাত ইয়াৰে একাংশক প্ৰাথমিক চিকিৎসাৰ পাছত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ধুবুৰী জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰা ঘটনাক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধুবুৰী পশ্চিম জিলা আক্ৰাছুৱে গৰিহণা দিছে। নিৰস্ত্ৰ প্ৰতিবাদকাৰীক আক্ৰমণৰ এই ঘটনাৰ প্ৰতিবাদত আজি আক্ৰাছুৱে ১২ ঘণ্টীয়া ধুবুৰী জিলা বন্ধ ঘোষণা কৰিছে। ধুবুৰী আৰক্ষী অধীক্ষকে ঘটনাৰ পৰিপ্ৰেক্ষিতত গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত কলিতা আৰু গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰিছে। পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ধুবুৰী জিলা আৰক্ষী অধীক্ষকক ৫ দিনৰ ভিতৰত উপ মহাপৰিদৰ্শক প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে চিকিৎসাধীন হৈ থকা প্ৰতিবাদকাৰীসকলৰ স্বাস্থ্যৰ বুজ লয়।