২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ ৰাষ্ট্ৰীয় নির্বাচন হোৱাৰ সম্ভাৱনা

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ কাৰ্যবাহী অধ্যক্ষ তাৰিক ৰহমানে দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। সেই অনুসাৰে নিৰ্বাচন সংক্রান্তীয় সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিলে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ ৰাষ্ট্ৰীয় নির্বাচন অনুষ্ঠিত হ’ব। আজি লণ্ডনত অনুষ্ঠিত এখন বহু প্রত্যাশিত বৈঠকৰ অন্তত তেওঁলোকে এটা যুটীয়া বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰে। আজিৰ বৈঠকত মহম্মদ ইউনুছ আৰু তাৰিক ৰহমানে বাংলাদেশৰ সাধাৰণ নিৰ্বাচন সম্পৰ্কীয় বহুকেইটা জটিল দিশ সন্দৰ্ভত আলোচনা কৰাৰ অন্তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ হকে সহমতত উপনীত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।