ডাউনলোড
মোবাইল এপ

android apple
signal

২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগত পৰৱৰ্তী চৰকাৰ গঠন কৰিব: গৃহমন্ত্ৰী

গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক তীব্র সমালোচনা কৰি কয়, যে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি হৈছে। সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ এতিয়া পশ্চিমবংগৰ অন্যতম গুৰুতৰ সমস্যা। ৰাজ্যখনত এতিয়া দুর্নীতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয়, যে এই সময়ছোৱাত পশ্চিমবংগত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যাও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰখন গণতন্ত্ৰ ৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ বিগত বিধানসভা নিৰ্বাচনৰ পাছত ৰাজ্যখনত কেইবাজনো বিজেপি কৰ্মীৰ মৃত্যুক লৈ উদ্বেগ প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক