ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত বাওপন্থী উগ্ৰবাদৰ পৰা ভাৰতক মুক্ত কৰাৰ সংকল্পৰ কথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পুনৰবাৰ প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত বাওপন্থী উগ্ৰবাদৰ পৰা ভাৰতক মুক্ত কৰাৰ সংকল্পৰ কথা পুনৰবাৰ প্ৰকাশ কৰিছে। মাওবাদীসকলক হিংসাৰ পৰা আঁতৰি সমাজৰ মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাই তেওঁ কয়, যে সশস্ত্র সংগ্ৰামৰ পথত থকা সকলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। কালি চত্তিশগড়ৰ জগদলপুৰত অনুষ্ঠিত হোৱা বস্তৰ দশেৰা লোক উৎসৱত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নক্সালবাদৰ সমস্যাৰ বাবে এই অঞ্চল উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। অৱশ্যে অহা বছৰৰ ৩১ মাৰ্চৰ পিছত উগ্ৰপন্থীয়ে বস্তৰৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব বুলি তেওঁ উল্লেখ কৰে। লগতে গৃহমন্ত্ৰীগৰাকীয়ে কালি বস্তৰত গ্ৰামীন বাছ সেৱা যোজনাৰো শুভাৰম্ভণি কৰে। এই আঁচনিৰ অধীনত বস্তুৰ আৰু সুৰগুজা সংমণ্ডলৰ ৩৪ টা পথত বাছ চলাচল কৰিব। এই অনুষ্ঠানতে শ্ৰী শ্বাহে চত্তিশগড় চৰকাৰৰ মহাৰী বন্দন যোজনাৰ অধীনত বিংশ কিস্তি হিচাপে ৭০ লাখ মহিলাৰ বেংক একাউণ্টত ৬০০ কোটিতকৈও অধিক টকা হস্তান্তৰ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বস্তৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মুৰববীসকলৰ সৈতেও মত বিনিময় কৰে।