অহা বছৰ জানুৱাৰীৰ পৰা মহানগৰীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎচালিত তথা চি এন জি বাছহে চলাচল কৰিব পাৰিব। এই সন্দৰ্ভত কালি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফতাবৰ তত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। ইয়াৰ ফলত জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথ দুটা সম্পূৰ্ণ গ্রীন ৰোড অর্থাৎ সেউজ পথ হিচাপে পৰিগণিত হ’ব। সচিব তামচিন আফতাবে এই দুটা পথত চলা ডিজেল চালিত বাছসমূহ জানুৱাৰী মাহৰ আগতে মহানগৰীৰ আন পথলৈ স্থানান্তৰিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনায়। অৱশ্যে এই দুটা পথত যদি কোনো বাহন চলাব বিচাৰে তেন্তে সেইসমূহ বাহনত চি এন জি সংযুক্ত কৰিব লাগিব। যান-জঁট হ্ৰাস কৰাৰ লগতে প্ৰদূষণমুক্ত পথ হিচাপে সকলো শ্ৰেণীৰ লোকৰ যাতায়াত সুৰক্ষিত আৰু পৰিবেশ অনুকুল কৰাৰ উদ্দেশ্যে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিছে।
Site Admin | July 6, 2025 12:55 PM | CNG & EV Bus at G S Road Guwahati
২০২৬ৰ জানুৱাৰীৰ পৰা গুৱাহাটীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎচালিত তথা চি এন জি বাছহে চলাচল কৰিব