২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পঞ্জীয়ন ২৪ মে’লৈ পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিষদৰ অধীনৰ সকলো বিদ্যালয়ত ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পঞ্জীয়ন আজিৰ পৰা ২৪ মে’লৈ পুনৰ মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে। এই অনলাইন পঞ্জীয়ন ১৫ মে’ত বন্ধ কৰি দিয়া হৈছিল। পৰিষদে নিৰ্দেশনাৰ জৰিয়তে ধন আদায় দিয়াৰ শেষ তাৰিখ ২৮ মে’লৈ আৰু চূড়ান্ত তালিকা প্ৰকাশৰ তাৰিখ ৩১ মে’লৈ বৃদ্ধি কৰা বুলি প্ৰকাশ কৰিছে। ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২৪ মে’লৈ বৃদ্ধি কৰাৰ কথাও বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি নৱম শ্ৰেণীৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আজিৰ পৰা ২৪ মে’লৈ মুকলি থাকিব আৰু বিদ্যালয়সমূহে ২৮ মে’ পর্যন্ত যাৱতীয় মাছুল পৰিশোধ কৰিব পাৰিব। সেই অনুসৰি সকলো বিদ্যালয়ক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।