ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰদৰ্শনীৰ বিষয়বস্তু ‘স্বর্ণিম ভাৰত: বিৰাসত ঔৰ বিকাশ’

■প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰদৰ্শনীৰ বিষয়বস্তু হ’ব ‘স্বর্ণিম ভাৰত: বিৰাসত ঔৰ বিকাশ’। কৰ্তব্য পথত হবলগীয়া সাংস্কৃতিক প্ৰদৰ্শনী আৰু পেৰেডত অংশগ্ৰহণৰ বাবে এইবাৰ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য নিৰ্বাচন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ, বিহাৰ, চণ্ডীগড়, দাদৰ নগৰ হাভেলী আৰু দমন আৰু ডিউ, গোৱা, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক আদি অন্যতম। এই ৰাজ্যসমূহৰ লগতে কেন্দ্ৰৰ ১১টা মন্ত্ৰালয় আৰু বিভাগকো নিৰ্বাচন কৰা হৈছে। নির্বাচিত গোটসমূহে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ শক্তি আৰু অহৰহ বিকশিত সংস্কৃতিক প্রতিফলিত কৰি বিশ্ববাসীৰ সন্মুখত ‘স্বর্ণিম ভাৰত – বিৰাসত ঔৰ বিকাশ’ৰ ধাৰণা প্ৰদৰ্শন কৰিব।