২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষার্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত আজি স্কুটাৰ বিতৰণ কৰা হয়। এইবাৰ এই বঁটা লাভ কৰা ১১ হাজাৰ ২৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬ হাজাৰ ৮৬০ গৰাকী ছাত্ৰী আৰু ৪ হাজাৰ ৩৯০ গৰাকী ছাত্র আছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশ লয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্কুটাৰ লাভ কৰা ছাত্র-ছাত্রীসকলক যানবাহন চলোৱাৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত লগতে কয়, যে সময়ৰ দ্ৰুত পৰিৱৰ্তনে অসমকো স্পৰ্শ কৰিছে। ৰাজ্যখনত ২৫ খনকৈ চিকিৎসা মহাবিদ্যালয় হৈছে। ইয়াৰে ১৫ খন কাৰ্যক্ষম হৈ আছে আৰু আন ১০ খন নিৰ্মাণৰ বিভিন্ন পর্যায়ত আছে। সেই সূত্রেই বৰ্তমান ৰাজ্যত মেডিকেল আসনৰ সংখ্যা দুহেজাৰলৈ বৃদ্ধি হৈছে বুলি মন্তব্য কৰি তেওঁ কয়, যে ২০৩০ চনৰ ভিতৰত ৰাজ্যত এই সংখ্যা ৫ হাজাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। একেদৰে বৰ্তমান অসমত দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপৰি ২৫ৰ পৰা ২৬ খন বিশ্ববিদ্যালয় কাৰ্যক্ষম হৈ আছে বা নিৰ্মাণৰ বিভিন্ন স্তৰত আছে। প্ৰতিৰক্ষা বাহিনীৰ অন্যতম যুদ্ধবিমান ৰাফেলৰ মেৰামতি বা চোৱাচিতাৰ বাবে ড’ছল্ট ছিষ্টেমছে প্রায় ২০০ হাজাৰ কোটি টকা ব্যয়ৰে গুৱাহাটীৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান নিৰ্মাণৰ বাবে আগবাঢ়িছে বুলিও তেওঁ কয়। এই প্রকল্প বাস্তবায়িত হ’লে অসমৰ শিক্ষাৰ্থীয়ে বিমান মেৰামতিৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ শিক্ষা লাভ কৰিব। একেদৰে চৰকাৰে ডিব্ৰুগড়ত মেৰাইন ইঞ্জিনিয়াৰিঙৰ দৰে জাহাজ মেৰামতি শিক্ষা প্ৰদানৰ প্ৰতিষ্ঠান আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ভাষণত উল্লেখ কৰে । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ১ জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰীৰ বাবু আঁচনি আৰম্ভ কৰিব বুলি জনায়। দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত প্রতিমাহে নির্বাচিত ছাত্রক জলপানি দিয়া হ’ব।
Site Admin | December 8, 2025 7:42 PM | Scooter Distribute
২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ পোৱা শিক্ষার্থীক স্কুটাৰ বিতৰণ