২০২৫ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা

আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুৱেল মকয়েৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইক’নমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাৰ হয়িটলৈ এই বছৰৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিচ একাডেমীয়ে আজি ষ্টকহ’মত প্ৰকাশ কৰা অনুসৰি উদ্ভাৱনী শক্তি আৰু গঠনমূলক বিঘটনেৰে কিদৰে অৰ্থনীতিৰ বিকাশ সম্ভৱ সেই বিষয়ে লাভ কৰা সফলতাৰ বাবে এই তিনিগৰাকী অধ্যাপকক এইবাৰৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। এই পুৰস্কাৰৰ বাবদ এই অর্থনীতিবিদ কেইগৰাকীয়ে ১১ নিযুত ছুইডিচ ক্ৰ’নাৰ বা ১.২ নিযুত মার্কিন ডলাৰ মূল্যৰ পুৰস্কাৰৰ ধন লাভ কৰিব। ন’বেল কমিটীয়ে প্ৰকাশ কৰা অনুসৰি অধ্যাপক জুৱেল মকয়েৰে প্ৰযুক্তিগত উন্নতিৰ মাজেৰে বহনক্ষম বিকাশৰ আৱশ্যকতা সম্পৰ্কত যি অভিনৱ সূত্ৰ আগবঢ়াইছে তাৰ বাবেই তেওঁক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। আনহাতে, ফিলিপ এঘিয়ন আৰু পিটাৰ হয়িতে উদ্ভাৱনী শক্তি আৰু গঠনমূলক বিঘটনেৰে অৰ্থনৈতিক বৃদ্ধি লাভৰ ক্ষেত্ৰত আগবঢ়োৱা তত্বৰ স্বীকৃতিস্বৰূপে তেওঁলোক দুগৰাকীকো ন’বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। উল্লেখযোগ্য যে অৰ্থনীতিৰ নবেল বঁটাই হৈছে যিকোনো এটা বছৰৰ অন্তিমটো নবেল বঁটা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।