কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰে বিকশাই তোলা ২৫ বিধ শস্যৰ ১৮৪ টা নতুন জাত মুকলি কৰি শ্রীচৌহানে কয় যে ধানৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে চীনক পাছ পেলাইছে। তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ ভিতৰতে ধান ৰপ্তানিৰ ক্ষেত্ৰত অগ্ৰণী দেশ হিচাপে পৰিগণিত হৈছে। শ্রীচৌহানে কয় যে যোৱা দহ বছৰত বীজৰ ৩২০০তকৈ অধিক নতুন জাত বিকশাই তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন আঁচনিসমূহৰ সুফল তিনিবছৰৰ ভিতৰত যাতে সমগ্ৰ দেশৰ কৃষকসকলে লাভ কৰে তাক নিশ্চিত কৰাৰ বাবে চৰকাৰে কাম কৰি আছে।
Site Admin | January 4, 2026 7:52 PM | ICAR | Shivraj Singh Chouhan
২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ