২০২৪-২৫ বৰ্ষৰ ৩৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণ

কেন্দ্ৰীয় বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ ৩৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কাৰ্যসূচী কালি নতুন দিল্লীৰ সংসদ ভৱন চৌহদত অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্রহণ কৰি বি জে পিৰ সাংসদ বাঞ্চুৰী স্বৰাজে সংসদীয় পদ্ধতি সুন্দৰকৈ প্ৰদৰ্শন কৰা বাবে শিক্ষাৰ্থীসকলক অভিনন্দন জনায়। সাংসদ শ্ৰীমতী স্বৰাজে কয়, যে এই শিক্ষার্থীসকল কেৱল দেশৰ ভৱিষ্যতেই নহয়, তেওঁলোক ভৱিষ্যতৰ নেতাও। সাংসদগৰাকীয়ে শিক্ষাৰ্থীসকলক পৰিৱেশ সুৰক্ষাৰ অৰ্থে স্বাস্থ্যসন্মত জীৱন যাপনৰ বাবেও উৎসাহিত কৰে।
এই বৰ্ষত দেশৰ মুঠ ২৫ টা অঞ্চলৰ ১৭৫ খন কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল। আঞ্চলিক প্রতিযোগীসকলে মাণ্ডলিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্রতিযোগিতাত প্ৰতিদ্বন্দিতা কৰিছিল। এই প্রতিযোগিতাত অসমৰ শিলচৰৰ অ’ এন ছি চি শ্ৰীকোণাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰথম বিজয়ীৰ সন্মান লাভ কৰি চৰ্দাৰ বল্লভভাই পেটেল চলন্ত সংসদীয় শ্বীল্ড আৰু ৰাষ্ট্ৰীয় ট্ৰফী লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।