২০২৪-২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কৈছে যে ২০২৪-২৫ বৰ্ষৰ বাজেটে ভাৰতৰ অৰ্থনৈতিক বিকাশক যুৱশক্তিৰ সৈতে সংলগ্ন কৰাৰ বাবে ইতিহাসত লিপিবদ্ধ হ’ব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী শ্বাহে কয় যে বাজেটত ৪ কোটি ১০ লাখ যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিবলৈ দুই লাখ কোটি টকাৰ বৃহৎ পুঁজিৰ ব্যৱস্থা কৰা হৈছে আৰু এক কোটি যুৱক- যুৱতীক শীৰ্ষ ৫০০টা কোম্পানীত বিশ্বমানৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে আন এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্রীয় বাজেটত ঘোষণা কৰা নিয়োগ সম্পর্কীয় পদক্ষেপে আনুষ্ঠানিক খণ্ডত চাকৰি সৃষ্টিত অৰিহণা যোগাব। কৰ্মচাৰীৰ ভৱিষ্যত নিধিৰ দৰে আঁচনিৰ সৈতে জড়িত পদক্ষেপে ২ কোটি ৯০ লাখ চাকৰি সৃষ্টি কৰাৰ সম্ভাৱনা আছে আৰু ভাৰতৰ আনুষ্ঠানিক খণ্ডক চাকৰি সৃষ্টিকাৰী যন্ত্ৰলৈ ৰূপান্তৰিত কৰাত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলিও তেঁও আশা প্রকাশ কৰে। শ্ৰী শ্বাহে মুদ্ৰা ঋণৰ সীমা ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জনাই কয় যে এই সিদ্ধান্তই ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ প্ৰৱণতা বৃদ্ধি কৰাৰ লগতে ক্ষুদ্ৰ আৰু মহিলা উদ্যোগীসকলকো নিয়োগ সৃষ্টিকাৰী হোৱাৰ পথত আগুৱাই নিব।