২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে: মুখ্যমন্ত্ৰী

ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই পর্যন্ত খাৰিফ বিপণন কালত ২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে। এয়া ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বকালৰ অভিলেখ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষত ৩ লাখ ১৪ হাজাৰ মেট্ৰিক টন আৰু ২০২২-২৩ বৰ্ষত ৫ লাখ ৯২ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছিল। কৃষকৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিশ্চিত কৰা আৰু চৰকাৰে বজাৰ সংযোগ নিশ্চিত কৰাৰ বাবে এই সফলতা লাভ কৰাটো সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। চৰকাৰে বৰ্তমান খাৰিফ বিপণন কালত ৫ লাখ ৮৫ হাটাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।