২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে ২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছে। ইয়াৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অধীনত ৭১.৬ শতাংশ অৱদান আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ড ভৱনৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস্থা উদ্বোধন কৰি এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা ৰপ্তানীৰ পৰিমাণ ৬,৬৯৫ কোটি টকা হৈছে বুলি উল্লেখ কৰি কয় যে ভাৰতৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস্থাক বিশ্বই আস্থা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, এই কথাই ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনে বিশ্বত এটা সন্মানীয় স্থান দখল কৰিছে। শ্রীসিঙে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডক গৱেষণা আৰু উদ্ভাৱনক অধিক প্ৰসাৰিত কৰা তথা থলুৱা সামগ্ৰী বিকশাই তোলাৰ বাবে আহ্বান জনাইছে যাতে ভাৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গোলকীয় হাব হিচাপে পৰিগণিত হয়। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক আগুৱাই নিয়া তথা দেশৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ অৰ্থব্যৱস্থা ক্ষীপ্ৰ গতিত অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডক প্ৰশংসা কৰিছে। শ্রীসিঙে কয় যে ১৬ টা প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডই দেশৰ আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত শক্তিশালী স্তম্ভ হিচাপে সেৱা আগবঢ়াইছে। তেওঁ অপাছেন সিন্দূৰৰ সফলতাৰ কথা উল্লেখ কৰি কয়, যে এই অভিযানে দেশৰ সামৰ্থ আৰু বিশ্বাসযোগ্যতাক প্ৰতিফলিত কৰে। শ্ৰীসিঙে ইণ্ডিয়া অপটেল লিমিটেড আৰু ভাৰত ইলেকট্রনিক্স লিমিটেডক সেউজ শক্তি আহৰণৰ ক্ষেত্ৰত এশ শতাংশ সফলতা অৰ্জন কৰাৰ বাবে প্ৰশংসা কৰে। প্ৰতিৰক্ষা ৰাজহুৱা খণ্ড ভৱনটো প্ৰতিৰক্ষা উৎপাদন বিভাগৰ অধীনত সকলো প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ মাজত সহযোগিতা, উদ্ভাৱন আৰু সমন্বয়ৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। আজিৰ অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ১৬ সংখ্যক প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ বাৰ্ষিক কাম-কাজৰ পৰ্যালোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।