ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত লোকসভাত পুনৰ আলোচনা

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত কালি লোকসভাত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সন্ধ্যা ৰায়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰে’ল খণ্ডত অভূতপূর্ব উন্নয়ন দেখা গৈছে আৰু ইয়াৰ কাম-কাজ তীব্ৰগতিত চলি আছে। ইপিনে আৰ এছ পিৰ এন কে প্রেমাচন্দ্ৰনে কয় যে সাধাৰণ জনতাৰ বাবে ৰে’লেই হৈছে পৰিবহণৰ প্ৰধান মাধ্যম আৰু সেয়েহে ইয়াত অধিক গুৰুত্ব দিয়া উচিত। তেওঁ লগতে সুকীয়া ৰে’ল বাজেটৰ দাবী উত্থাপন কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ অনুৰাগ শৰ্মাই কেন্দ্ৰীয় বাজেটত ভাৰতীয় ৰে’লৰ বাবে চৰকাৰে ২ লাখ ৬২ হাজাৰ কোটি টকা আবণ্টন দিছে বুলি উল্লেখ কৰে। ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ সপোন বাস্তৱায়িত কৰাত ৰে’লৱেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় বাজেটত অন্ধ্ৰ প্ৰদেশৰ ৰে’ল প্ৰকল্পৰ বাবে ৯,১৫০ কোটি টকা আবণ্টন দিয়াৰ বাবে জনসেনা পাৰ্টিৰ বালাচৌৰী বল্লভানেনীয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। আলোচনাত অংশ লৈ শিৱসেনাৰ ধৈৰ্যশীল সম্ভাজিৰাও মানেই কেন্দ্ৰীয় বাজেটৰ শলাগ লয় আৰু কয় যে ভাৰতীয় ৰে’লৰ বাবে এইবাৰৰ বাজেটত সর্বাধিক ২ লাখ ৬২ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। আলোচনাত শিৱসেনা ইউ বি টিৰ অৰবিন্দ সাৱন্ত, কংগ্ৰেছৰ সপ্তগিৰি শংকৰ উলাকে, বিজেপিৰ নিশিকান্ত ডুবেকে ধৰি আন সাংসদসকলেও অংশগ্রহণ কৰে। পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি পুৱা ১১ বজা পর্যন্ত সদনৰ কাম-কাজ স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷