ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 14, 2024 1:10 PM | Income Tax

printer

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰ হিচাপে ৬ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ

আয়কৰ বিভাগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰ হিচাপে ৬ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ কৰাৰ লগতে চলিত মাহৰ এঘাৰ তাৰিখলৈকে ৭০,৯০২ কোটি টকা ঘুৰাই দিছে। এই সম্পৰ্কত আয়কৰ বিভাগে প্ৰকাশ কৰা তথ্যত মুঠ সংগ্ৰহৰ প্ৰায় ২ লাখ ৬৫ হাজাৰ টকা কৰ্পৰেট কৰ, ৩ লাখ ৬১ হাজাৰ টকা ব্যক্তিগত আয়কৰ আৰু ১,৪২৪ কোটি টকা অন্যান্য শিতানত সংগ্ৰহ কৰা হৈছে। উল্লেখযোগ্য যে প্রত্যক্ষ কৰ সংগ্ৰহত চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ তুলনাত প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পৰিমাণ ৫ লাখ ৭৪ হাজাৰ কোটি টকাৰ অধিক। বিগত বিত্তীয় বৰ্ষত একে সময়ত প্রত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ ৪ লাখ ৮০ হাজাৰ কোটি টকা আছিল। উল্লেখযোগ্য যে অহা ২২ জুলাইৰ পৰা সংসদত বাজেট অধিবেশন আৰম্ভ হ’ব। বাজেট অধিবেশনৰ দ্বিতীয় দিনা অর্থাৎ‍ ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমণে ২০২৪-২৫ বৰ্ষৰ বাবে সম্পূর্ণ বাজেট দাখিল কৰিব।