ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 9, 2024 9:17 PM | Nobel Award

printer

২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

প্ৰ’টিনৰ গাথনিৰ পুৰ্বাণুমান আৰু বিকাশৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য সাফল্যৰ বাবে ডেভিদ বেকাৰ, দেমিজ হাচাবীজ আৰু জন জাম্পাৰলৈ ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল চুইদিজ একাডেমী অৱ চায়েন্সে আজি এই বিষয়ে ঘোষণা কৰে। একাডেমীয়ে কৈছে যে, ডেভিদ বেকাৰে সম্পূৰ্ণৰূপে নতুন প্ৰকাৰৰ প্ৰটিন বিকশাই তোলাৰ বিপৰীতে জন জাম্পাৰ, ডেমিজ হাচাবীজে প্ৰটিনৰ জটিল গাঠনিৰ পুৰ্বাণুমানৰ ক্ষেত্ৰত ৫০ বছৰ পুৰণি সমস্যাৰ সমাধান কৰাৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ আৰ্হি বিকশাই তুলিছে। শ্রীবেকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিয়াতেলৰ ৱাছিংটন বিশ্ববিদ্যলয়ত কৰ্মৰত। শ্ৰীহাচাবীজ আৰু শ্ৰী জাম্পাৰ লণ্ডনৰ গুগল দীপমাইও নামৰ কৃত্রিম বুদ্ধিমত্তা পৰীক্ষাগাৰত কাম কৰি আছে।