ডাউনলোড
মোবাইল এপ

android apple
signal

August 12, 2024 11:29 AM

printer

২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা NEET PG সফলতাৰে সম্পন্ন

দেশৰ ১৭০খন চহৰত ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা NEET PG কালি সফলতাৰে অনুষ্ঠিত হৈ যায়। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে জনোৱা মতে, এইবাৰ প্ৰায় ২ লাখ ২৮ হাজাৰ ৫৪০খন এডমিট কার্ড পৰীক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে। পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কেন্দ্ৰসমূহত ১,৯৫০ জনতকৈ অধিক স্বতন্ত্র মূল্যায়ক আৰু ৩০০ ফ্লায়িং স্কোৱাডৰ সদস্যক নিযুক্তি দিয়া হৈছিল। পৰীক্ষাৰ সন্দৰ্ভত যাতে কোনো ধৰণৰ ভুল তথ্য বিয়পি নপৰে তাৰবাবে চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে সামাজিক মাধ্যম সমূহ সূক্ষ্মভাবে নিৰীক্ষণ কৰিছিল। তেওলোকে উল্লেখ কৰা অনুসৰি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবৰ বাবে বিভিন্ন সংস্থাৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ লগতে নিৰাপত্তা বিষয়টোক লৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল।