ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৪ বৰ্ষত ১৬,৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছেঃ গৃহমন্ত্রী

২০২৪ বৰ্ষত ১৬ হাজাৰ ৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত আজি মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় আঞ্চলিক সন্মিলনত অধ্যক্ষতা কৰি শ্ৰী শ্বাহে কয়, যে বিগত ১০ বছৰত প্ৰায় ২৪ লাখ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এই সময়ছোৱাত ৫৬ হাজাৰ ৮০০ কোটিৰো অধিক টকাৰ মাদকদ্ৰব্য বিনষ্ট কৰা হৈছে।
অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ পষেক আৰু দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ মানস-টু হেল্পলাইন সম্প্ৰসাৰণ কাৰ্য মুকলি কৰে। শ্ৰী শ্বাহে লগতে মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ ভূপাল আঞ্চলিক কেন্দ্ৰৰ নতুন কার্যালয় চৌহদো মুকলি কৰে। মাদকদ্রব্য বিনষ্টকৰণ পষেক আজিৰে পৰা ২৫ জানুৱাৰীলৈ চলিব। এই সময়ছোৱাত দুহেজাৰ ৪১১ কোটি টকা বজাৰ মূল্যৰ মুঠ ৪৪ হাজাৰ ৭৯২ কিলোগ্ৰাম মাদকদ্রব্য বিনষ্ট কৰা হ’ব। শ্রী শ্বাহে কয়, যে এই পষেকে মাদক দ্রব্য সৰবৰাহৰ বিৰুদ্ধে জনসাধাৰণক এটা শক্তিশালী বার্তা দিব। তেওঁ লগতে জনসাধাৰণৰ মাজত মানস হেল্পলাইনৰ প্ৰসাৰৰ বাবে কাম কৰিবলৈ ৰাজ্যসমূহৰ প্রতি আহ্বান জনায়।