ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত ২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণ জলপথক মালবাহী তথা যাত্রী চলাচলৰ অনুকূল আৰু বিকল্প পথ হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। এই লক্ষ্যৰে কেন্দ্ৰই ছহেজাৰ কোটি টকাৰো অধিক পুঁজি ব্যয় কৰিছে। মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদত জলপথ সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত কয়, যে ২০১৪ চনলৈকে দেশত মাত্ৰ ৫টাহে ৰাষ্ট্ৰীয় জলপথ আছিল। মোদী চৰকাৰৰ আমোলত দেশত ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ১১১ লৈ বৃদ্ধি পাইছে। সোণোৱালে লগতে জানিবলৈ দিয়ে যে ভাৰতত আভ্যন্তৰীণ জলপথৰ ব্যাপক সম্ভাৱনা আছে আৰু ৰাষ্ট্ৰীয় জলপথসমূহ দেশৰ জীৱনৰেখা হ’বলৈ গৈ আছে।