২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছেঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে ২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছে। নতুন দিল্লীত আয়োজিত একতা উৎসৱ–এটা কণ্ঠ এটা জাতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সমগ্রে দেশতে অষ্টলক্ষ্মীৰূপে প্ৰতিষ্ঠা কৰিছে।