আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পণৰ পাছত ২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহববুৰ হুছেইন ৰাণাক কালি ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন. আই. এয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে। লছ এঞ্জেলেছৰ পৰা এখন বিশেষ বিমানেৰে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী আৰু এন. আই. এৰ জ্যেষ্ঠ বিষয়াসকলৰ এটা দল ৰাণাক লৈ কালি নতুন দিল্লীত উপস্থিত হয়। বিমান বন্দৰত এন. আই. এৰ তদন্তকাৰী দলে যাৱতীয় আইনী আনুষ্ঠিকতা সম্পূৰ্ণ কৰাৰ পাছত মূলতঃ ছিকাগো নিৱাসী পাকিস্তানীমূলৰ কানাডাৰ নাগৰিক ৰাণাক গ্ৰেপ্তাৰ কৰে ।
স্বাস্থ্য পৰীক্ষাৰ পাছত ৰাণাক যোৱানিশা পাটিয়ালা হাউচ আদালতত এন. আই. এৰ বিশেষ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। আদালতে ৰাণাক ১৮ দিনৰ বাবে এন. আই. এৰ জিম্মালৈ প্ৰেৰণ কৰে।
এন. আই. এৰ কেইবা বছৰ জোৰা নিৰন্তৰ আৰু কঠোৰ প্ৰচেষ্টাৰ বলত ৰাণাৰ প্ৰত্যপূৰ্ণ সুনিশ্চিত কৰিছে। সন্ত্ৰাসবাদী ৰাণাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যর্পণ এৰাই চলাৰ বাবে সৰ্বতো প্ৰকাৰে চেষ্টা চলাই যদিও তেওঁৰ চেষ্টা ব্যর্থ হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু গৃহ মন্ত্ৰালয়ক সমন্বিত প্ৰচেষ্টাৰ লগতে আমেৰিকাৰ সংশ্লিষ্ট বিষয়াসকলৰ লগতে এন.আই.এ. প্রত্যার্পণ প্ৰক্ৰিয়াৰ সময় চোৱাত অন্য ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহৰ সৈতে কাম কৰি সন্ত্ৰাসবাদীজনৰ প্ৰত্যর্পণ সম্ভৱ কৰি তোলে। এই সফলতা বিশ্বৰ যিকোনো প্ৰান্তলৈ পলাই যোৱা সন্ত্ৰাসবাদীসকলক আইনৰ কাঠগড়ালৈ অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সফলতা ৰূপে বিবেচিত হৈছে। ভাৰত-আমেৰিকা প্রত্যর্পণ চুক্তিৰ অধীনত এন. আই. এ. প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়ত ৰাণা আমেৰিকাত ন্যায়িক জিম্মাত আছিল। ৰাণাই প্রত্যাৰ্পণৰ পৰা হাত সৰাৰ বাবে বিভিন্ন গোচৰ আৰু আপীল আৱেদন দাখিল কৰিছিল। তেওঁ আমেৰিকাত উচ্চতম ন্যায়ালয়তো জৰুৰীকালীন আৱেদন দাখিল কৰিছিল। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কার্যালয়, কেলিফনিয়াৰ চেন্ট্ৰেল ডিষ্টিক্টৰ এটনিৰ কাৰ্যালয়, আমেৰিকীয় মাৰ্চেল সেৱা, নতুন দিল্লীস্থিত এফ বি আইৰ সংযোজিত কাৰ্যালয় আৰু আমেৰিকাৰ বিদেশ বিভাগৰ আইনী উপদেষ্টাৰ কাৰ্যালয়ৰ প্ৰচেষ্টাত এই আটাইবোৰ আৱেদন খাৰিজ হয়। ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয় আৰু গৃহ মন্ত্ৰ্যালয়ে নিৰন্তৰ প্ৰয়াস আৰু কঠোৰ পৰিশ্ৰমৰ বলত পলাতক সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে আত্মসমৰ্পনৰ পৰোৱানা লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ পাছত সন্ত্ৰাসবাদীজনৰ প্ৰত্যপূৰ্ণৰ পথ প্ৰশস্ত হয়। ৰাণাৰ বিৰুদ্ধে ডেভিড ক’লমেন ওৰফে ডাউদ গিলানী আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈয়বা আৰু হৰকট-ঊল-জিহাদী ইছলামী সন্ত্ৰাসবাদীসকলৰ সৈতে লগলাগি ২০০৮ চনত মুম্বাইত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ আছে। এই আক্ৰমণত মুঠ ১৬৬ জন লোকে প্রাণ হেৰুৱাইছিল আৰু ২৩৮ জনৰো অধিক লোক আহত হৈছিল। ভাৰতে লস্কৰ-এ-তৈয়বা আৰু হৰৰ্কট্-উল-জিহাদী ইছলামী নামৰ সংগঠন দুটাক ১৯৬৭ চনত বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে।
Site Admin | April 11, 2025 9:50 AM | NIA Arrested
২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাইৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহব্বুৰ হুছেইনক গ্ৰেপ্তাৰ
