November 30, 2025 12:30 PM | Parliament Session

printer

১ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সংসদৰ শীতকালিন অধিবেশন

সংসদৰ শীতকালিন অধিবেশন কাইলৈ আৰম্ভ হ’ব। ১৯ ডিচেম্বৰত এই অধিৱেশনৰ সামৰণি পৰিব। অধিৱেশৰ পূৰ্বে চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হোৱাতো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব। ১৯ ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিবেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰা হ’ব।