ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

১ এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ২৭ লাখ মহিলাক আঁচনিৰ চেক বিতৰণ

■ ৰাজ্যত অহা ১ এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ জৰিয়তে ২৭ লাখ মহিলাক আঁচনিৰ চেক বিতৰণ কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই জনতা ভৱনত আয়োজিত এখন সংবাদমেলত এই কথা প্রকাশ কৰি কয়, যে বিহালীত ২৩ হাজাৰ মহিলাক চেক বিতৰণেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হ’ব। ৰাজ্য চৰকাৰৰ এই ধ্বজাবাহী আঁচনিখন দেশৰ ভিতৰতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এখন বৃহৎ আঁচনি বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্য হিচাপে থকা ৩৬ লাখ মহিলাৰ ভিতৰত প্ৰায় ২৭ লাখ মহিলা এই আঁচনিৰ যোগ্য বিবেচিত হ’ব। ইয়াৰ বাবে অহা ৩১ মাৰ্চৰ ভিতৰত হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰা হ’ব। হিতাধিকাৰীসকলে প্ৰথম কিস্তিত লাভ কৰা ১০ হাজাৰ টকা উপযুক্তভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকক দ্বিতীয় কিস্তিতি ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত ডিব্ৰুগড় জিলা আয়ুক্তৰ সভাকক্ষত কালি এখন সভা অনুষ্ঠিত হয়। সভাত এই আঁচনিৰ বাবে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া তথা যোগ্যতাৰ চৰ্তসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ডিব্ৰুগড় জিলা শাখাৰ প্ৰকল্প প্ৰৱন্ধকক অহা ২৭ মাৰ্চৰ ভিতৰত এই আঁচনিৰ চূড়ান্ত তালিকা জমা দিবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।