● ৰাজ্যত সংগীত মহোৎসৱ আয়োজনেৰে পৰ্যটনকেন্দ্রিক অর্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে অসম মন্ত্রীসভাই কালি উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনত অনুমোদন জনায়। এই অনুসৰি অহা ৮ ডিচেম্বৰত গুৱাহাটীত প্ৰথমখন বৃহৎ সংগীতানুষ্ঠানৰ আয়োজন কৰা হ’ব। আমেৰিকান ৰেপাৰ প’ষ্ট মেলনে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দেৰগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ পাছত সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী সময়ত যোৰহাট, ডিব্ৰুগড় আদিতো এনে কনছাৰ্ট বা সংগীতানুষ্ঠানৰ আয়োজন কৰা হ’ব। ইয়াৰ বাবে প্ৰয়োজনীয় স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশাই তুলিবলৈ কালি অসম মন্ত্ৰীসভাৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত কাজিৰঙাৰ ষষ্ঠ সংযোজনত চূড়ান্ত অনুমোদন দিয়াৰ লগতে লাচিত বৰফুকন পুলিচ একাডেমীৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ২২৯ কোটি টকা আবণ্টনত অনুমোদন জনোৱা হয়। ডিব্ৰুগড়ত অসম বিধানসভা ভৱন নিৰ্মাণৰ বাবে মন্ত্রীসভাই ২৮৪ কোটি টকাৰ অনুমোদন জনায়। একেদৰে জিলাখনত খনিকৰ ষ্টেডিয়ামলৈ ২০৯ কোটি টকাৰ অনুমোদন দিয়া হৈছে। এই ষ্টেডিয়ামত ৩৫ হাজাৰ দর্শক একেলগে বহিব পাৰিব।
ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫তো মন্ত্রীসভাই অনুমোদন জনায়। সেই অনুসৰি ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ ৫০০ মেগাৱাট সৌৰশক্তি উৎপাদন তথা ৰাজ্যত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগক আকৰ্ষণ কৰি প্ৰায় ১৫ হাজাৰ নিয়োগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম চাহ কোম্পানী লিমিটেডৰ চাহ শ্রমিকৰ বাবে অহা ১ অক্টোবৰৰ পৰা দৈনিক মজুৰি ২২০ টকাৰ পৰা ২৫০ টকালৈ বৃদ্ধি কৰাৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই
ঘোষণা কৰে।