১৯ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰি বন্ধ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে অহা ১৯ মে’ৰ পৰা জীপ চাফাৰি বন্ধ কৰা হ’ব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে কর্তৃপক্ষই এই সিদ্ধান্ত গ্রহণ কৰে। উল্লেখযোগ্য যে উদ্যানখনত যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ’লেও পানবাৰী সংৰক্ষিত বনাঞ্চল, বিশ্বনাথৰ পানপুৰ, লাওখোৱা বুঢ়াচাপৰি বনাঞ্চল কিছু দিনৰ বাবে পৰ্যটকৰ বাবে খোলা থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে পূর্বে জানিবলৈ দিয়া মতে চলিত পর্যটন বৰ্ষৰ মাৰ্চলৈকে ৪ লাখ ২০ হাজাৰ পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। এইবাৰ প্ৰায় ১৪ হাজাৰ বিদেশী পর্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। এই সংখ্যা পূৰ্বৰ বছৰসমূহত অহা বিদেশী পৰ্যটকৰ সংখ্যাৰ দুগুণ। একে সময়তে সমাগত বাৰিষাত হ’ব পৰা বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে বুলিও উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে।