১৯ বছৰ অনূর্ধ দক্ষিণ এছীয় ফুটবল প্রতিযোগিতাত ভাৰতৰ চূড়ান্ত খিতাপ অৰ্জন

অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত ১৯ বছৰ অনূর্ধ দক্ষিণ এছীয় ফুটবল ফেডাৰেচন, ছাফ ফুটবল প্রতিযোগিতাত ভাৰতে বাংলাদেশক পেনাল্টি শ্বুটআউটৰ সহায়ত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে। উত্তেজনাপূর্ণ খেলখনত যোৱাবাৰৰ বিজয়ী ভাৰতৰ অধিনায়ক ছিংগামায়ুম শ্বামীয়ে খেলৰ দ্বিতীয় মিনিটতে প্ৰথমটো গ’ল দিয়ে। অৱশ্যে ৬১ মিনিটত বাংলাদেশে এটা গ’ল দি খেলখনত সমতা স্থাপন কৰে। খেল শেষ হোৱালৈকে ১-১ গ’লত ড্ৰ’ হৈ থকাৰ ফলত পেনাল্টি শ্বুটআউটৰ সহায় ল’বলগীয়া হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।