November 13, 2025 8:34 PM | PM MODI VISIT

printer

১৯ নৱেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কইম্বাতুৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ যাব। এই ভ্ৰমণ কালত শ্ৰীমোদীয়ে তামিলনাডুৰ কৃষক সংস্থাসমূহে আয়োজন কৰা দক্ষিণ ভাৰত প্ৰাকৃতিক শীৰ্ষ সন্মিলনত ভাষণ দিব। প্রধানমন্ত্ৰীয়ে লগতে জৈৱিক কৃষিত বিশেষ দক্ষতা থকা দাক্ষিণাত্যত বিভিন্ন ৰাজ্যৰ ৫০গৰাকী বিজ্ঞানীৰ সৈতে মত বিনিময় কৰিব। শীৰ্ষ সন্মিলনত প্রাকৃতিক খেতি প্ৰসাৰৰ বাবে নীতি-নিয়ম প্ৰস্তুত কৰা হ’ব। শীৰ্ষ সন্মিলনত আয়োজক সমিতিৰ সমন্বয়ক পি আৰ পাণ্ডিয়নে কয় যে ইয়াৰ জৰিয়তে সজাগতা বৃদ্ধি পাব আৰু প্ৰাকৃতিক তথা পুনৰুজ্জ্বীৱিকৰণ কৃষি পদ্ধতি আঁকোৱালি লবলৈ উৎসাহিত কৰা হ’ব। তেওঁ কয় যে আৰ্থিক দিশৰ পৰা বিকাশক্ষম আৰু সামাজিক দিশৰ পৰা সৰ্বাত্মক কৃষিব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জনসাধাৰণৰ দ্বাৰা পৰিচালিত বিপ্লৱৰ সূচনা কৰাই এই শীৰ্ষ সন্মিলনৰ মূল উদ্দেশ্য। সন্মিলনৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্রদর্শনীত প্রায় ৩০০খন বিপণী থাকিব আৰু ইয়াৰ সৈতে সংগতি ৰাখি আগশাৰীৰ বিজ্ঞানী আৰু নীতি প্ৰণেতাৰ বিশেষ সত্ৰৰ আয়োজন কৰা হ’ব। এই সত্ৰসমূহত যুৱ প্ৰজন্ম আৰু মহিলাৰ অংশগ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। ভাৰতীয় প্ৰাকৃতিক কৃষি ধান আৰু পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ দৰে ৰাষ্ট্ৰীয় উদ্যমসমূহে এই অনুষ্ঠানৰ আঁত ধৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।