ডাউনলোড
মোবাইল এপ

android apple
signal

১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পানীত বুৰ যোৱাৰ লগতে তিনি হাজাৰ ৫২৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পর্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত ১২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আজি পুনৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ ৰখা হৈছে। ফেৰী ঘাটৰ ৰেম্পসমূহ পানীত বুৰ যোৱাত এই ৰেম্পসমূহৰ পুনৰ নিৰ্মাণ নোহোৱা পৰ্যন্ত গুৱাহাটীৰ দুটা ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব। ব্ৰহ্মপুত্ৰৰ জলস্তৰ প্ৰায় বিপদসীমা স্পৰ্শ কৰাৰ উপক্ৰম হৈছে।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজৰ ফেৰীসেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা হৈছে। প্ৰশাসনে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যিকোনো সহায়ৰ বাবে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জনাবলৈ অনুৰোধ জনাইছে। গোলাঘাট জিলা প্রশাসনেও শেহতীয়া প্রতিকূল প্রাকৃতিক পৰিস্থিতিৰ বাবে প্ৰশানৰ বিষয়াসকলক সাজু থকাৰ নিৰ্দেশ দিছে। তদুপৰি এই সময়খিনিত ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে। কাছাৰ জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বর্তমান জিলাখনত বৰষুণ হোৱা নাই যদিও বৰাক নদীৰ জলস্তৰ দুই চেণ্টিমিটাৰ পৰ্যান্ত বৃদ্ধি পাইছে। সম্প্ৰতি বৰাক নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত জিলাখনৰ পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰত ইতিমধ্যে বানপীড়িতসকলৰ বাবে ১৫ টা আশ্রয় শিবিৰ মুকলি কৰি হৈছে। জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে বানৰ বাবে ১৫৪ টা ট্রেন্সফৰ্মাৰ বিকল হৈ পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈছে। পশ্চিম কাৰ্টিগড়াৰ মহাদেৱপুৰত ভূমিস্খলনত ৭ জন লোক আহত হৈছে। একেটা পৰিয়ালৰ সাতগৰাকী সদস্যক উদ্ধাৰ কৰি প্ৰথমে জালালপুৰ ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইপিনে, প্ৰতিকূল বতৰৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণক সম্প্ৰতি বনভোজস্থলী, পর্যটন স্থান, জনপ্রপাতসমূহ ভ্রমণ নকৰিবলৈ আহ্বান জনাইছে। প্ৰশাসনৰ তথ্য অনুসৰি বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ মাজেৰে বৈ যোৱা নদীসমূহে বিপদসীমা অতিক্ৰম কৰিছে।
লখিমপুৰ জিলা আয়ুক্তই কালি জিলাখনৰ বান ক্ষতিগ্রস্ত পোতাবিল, পাঁচনৈ আৰু কয়লামাৰি অঞ্চলৰ পৰিস্থিতি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে লগতে বান পীড়িতসকলক সাহায্য বিতৰণৰ বাবে স্থাপন কৰা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ব্যৱস্থাৰ বুজ লয়।
শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ভঙাত ব্ৰহ্মপুত্ৰৰ এখন শুইছ গেট পানীয়ে ভাঙি নিয়াত কোঁৱৰপুৰৰ জনবসতিপূর্ণ এলেকাৰ ক্ষতি হৈছে।
ৰাজ্যত বান আৰু ভূমিস্খলনে জটিল ৰূপ ধাৰণ কৰাৰ সময়ত গৃহমন্ত্রী অমিত শ্বাহে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে আলোচনা কৰি ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও গৃহমন্ত্ৰীগৰাকীক অৱগত কৰা বুলি সদৰি কৰিছে। ইপিনে মুখ্যমন্ত্রী ড০ শর্মাই দভূমি তথা নৈৰ পাৰত বাস কৰা ৰাইজক সজাগ হৈ থকাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আৰু স্থানীয় প্ৰশাসনৰ পৰামৰ্শসমূহ অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে।

অধিক পঢ়ক

সকলো চাওক