১৯৮৫ চনত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণত ৩২৯ গৰাকী নিৰপৰাধী যাত্ৰীৰ মৃত্যুৰ আজি ৪ টা দশক পূৰ্ণ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত নিহত লোকসকলৰ প্ৰতি আজি গভীৰ শ্রদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত শ্ৰী জয়শংকৰে কয়, যে এয়া আছিল সন্ত্ৰাসবাদীৰ এক অন্যতম বৰ্বৰ আক্ৰমণ। উল্লেখযোগ্য যে আজিৰ দিনটোতেই কানাডাৰ মণ্টিল চহৰৰ পৰা লণ্ডন হৈ নতুন দিল্লীলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ 182 বিমানখন আলান্টিক মহাসাগৰৰ ওপৰত মাজ আকাশত বিস্ফোৰিত হৈছিল। কানাডাস্থিত খালিস্তানী উগ্রপন্থীয়ে সংঘটিত কৰা এই বৰ্বৰ আক্ৰমণত ৩২৯ গৰাকী নিৰপৰাধী যাত্ৰী মৃত্যুমুখত পৰিছিল। বিমানখনত কানাডা আৰু অন্য বহুদেশৰ লগতে অধিকাংশ যাত্ৰী ভাৰতৰ আছিল। বিমানখনত থকা ভালেসংখ্যক শিশু যাত্ৰীৰ মৃত্যুৰ বিষয়ে উল্লেখ কৰি ড° জয়শংকৰে কয়, যে সন্ত্ৰাসবাদ আৰু সন্ত্রাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে বিশ্ব সম্প্রদায়ে কিয় শূন্য সহনশীল নীতি গ্ৰহণ কৰিব লাগে, সেই কথা এই বৰ্বৰ ঘটনাই সোঁৱৰাই থাকে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ নেতৃত্বত ৮জনীয়া ভাৰতীয় প্ৰতিনিধিৰ এটা দলে কনিস্ক বোমা বিস্ফোৰণত নিহত লোকসকলৰ প্ৰতি আয়াৰলেণ্ডৰ আহকিষ্টা মেম’ৰিয়েলত শ্ৰদ্ধা জ্ঞাপন কৰে। আয়াৰলেণ্ডৰ প্ৰধানমন্ত্রী মিখাইল মাৰ্টিন আৰু কানাডাৰ ৰাজহুৱা সেৱা দপ্তৰৰ মন্ত্ৰী গেৰী আনন্দসাংগেৰীয়েও নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
Site Admin | June 23, 2025 5:55 PM | AIR India | AIR india Kanishka
১৯৮৫ চনত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণত ৩২৯ গৰাকী নিৰপৰাধী যাত্ৰীৰ মৃত্যুৰ আজি ৪ টা দশক পূৰ্ণ