১৮৮২ চনত গঠন হোৱা শিলচৰ পৌৰসভা আজি পৌৰ নিগম হিচাপে স্বীকৃত হয়। পৌৰ সভাখনৰ ২৮ টা ৱাৰ্ডক ৪২ টালৈ বৃদ্ধি কৰি পৌৰ নিগম গঠন কৰিবলৈ অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০২২ চনৰ নৱেম্বৰ মাহত শিলচৰ পৌৰ সভাক নিগম হিচাপে গঠন কৰাৰ বিষয়ে ঘোষণা কৰা হৈছিল। যোৱা বছৰ এই ঘোষণাৰ পৰিপ্ৰেক্ষিতত শিলচৰ পৌৰ নিগম গঠনৰ কাৰণে এটা বিজ্ঞপ্তিত জাৰি কৰা হৈছিল যদিও আজিহে শিলচৰ পৌৰসভাৰ কাৰ্যালয়ৰ নাম পৰিৱৰ্তন কৰি পৌৰ নিগমৰ ফলক উন্মোচন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ কনাড পুৰকায়স্থ, বিধায়ক দিপায়ন চক্ৰৱৰ্তী আৰু শিলচৰ পৌৰ সভাৰ শেষৰজন অধ্যক্ষ নিহাৰেন্দ্ৰ নাৰায়ন ঠাকুৰ উপস্থিত থাকে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মুখ্য অতিথি কনাড পুৰকায়স্থই কয়, যে এই পদক্ষেপে মহানগৰখনৰ উন্নতিৰ দিশত তাৎপৰ্যপূৰ্ণ ভূমিকা গ্রহণ কৰিব। ৰাজ্য চৰকাৰৰ উন্নয়নমূলক দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি শ্ৰী পুৰকায়স্থই কয়, যে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সমন্বয় সাধন কৰি উন্নয়নৰ পথ প্রসস্ত কৰাত এই ধৰণৰ পদক্ষেপ সহায়ক প্ৰতিপন্নিত হ’ব।
Site Admin | June 30, 2025 6:51 PM | Akashvani News | Silchar
১৮৮২ চনত গঠন হোৱা শিলচৰ পৌৰসভা আজি পৌৰ নিগম হিচাপে স্বীকৃত
