ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

১৭ ডিচেম্বৰৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূর্ণ হ’ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অহা ১৭ ডিচেম্বৰ অৰ্থাৎ নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্রক্রিয়া সম্পূর্ণ হ’ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কালি মৰিগাঁৱত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰি কয়, যে ১৭ ডিচেম্বৰ অন্তিম দিন ধার্য কৰা হৈছে যদিও ১০ ডিচেম্বৰৰ ভিতৰতে সম্পূর্ণ ঘটনা ৰাইজৰ সন্মুখলৈ আহিব পৰা যাব। ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে অহৰহ কাম কৰি আছে আৰু বিস্ফোৰক তথ্য লাভকৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।

ইপিনে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কালি তিনিটা গুৰুত্বপূর্ণ তথ্য লাভ কৰে। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি কয়, যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচাৰিছিল। ইয়াৰ ভিত্তিতে ছিংগাপুৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোটক এই তথ্য যোগান ধৰিছে। ছিংগাপুৰৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু টক্সিক’লজি প্রতিবেদন কালি প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে ছিংগাপুৰ বন্দৰ আৰু সামুদ্রিক কর্তৃপক্ষৰ পৰাও বিশেষ তদন্তকাৰী গোটে নথি লাভ কৰিছে। ইয়াৰ জৰিয়তে তদন্ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় হ’ব বুলি শ্রীগুপ্তাই উল্লেখ কৰে। তদুপৰি ছিংগাপুৰৰ য়টৰ নাৱিকৰ ভাষ্য গ্রহণ কৰি ছিংগাপুৰ আৰক্ষীয়ে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত সাক্ষ্য প্রদানৰ বাবে এইপর্যন্ত চি আই ডি কার্যালয়লৈ শতাধিক লোকক মতা হৈছে বুলি তেওঁ কয়। কালি তদন্তকাৰী গোটে ব্যবসায়ী ঋষিৰাজ বৰকটকী আৰু অভিনেতা পার্থ হাজৰিকাৰ ভাষ্য গ্রহণ কৰে।