বিহু আৰু ঝুমুৰৰ পাছত অহা ১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব। অসমৰ অন্যতম প্রধান জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বাক বিশ্বৰ প্ৰেক্ষাপটলৈ নিয়াৰ লক্ষ্যৰে অসম চৰকাৰে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অভিলাষী আয়োজন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰি বাগৰুম্বাৰ অনুশীলনৰ বুজ লয়।
নির্বাচন আয়োগে পশ্চিমবংগৰ চূড়ান্ত ভোটাৰ তালিকাত তিনিটা আদিম জনজাতিৰ নাম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। এই তিনিটা সম্প্ৰদায়ৰ ভোটদাতাসকলে ইয়াৰ বাবে কোনো নথি পত্র জমা দিব নালাগে। পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়াৰ সূত্ৰই প্ৰকাশ কৰা মতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত লোৱা আদিম জনজাতি তিনিটা হৈছে বীৰহোৰ, টটো আৰু চাবৰ। আয়োগে জাৰি কৰা নিৰ্দেশনা অনুযায়ী জিলা দণ্ডাধীশ আৰু জিলা নির্বাচনী বিষয়াসকলে খণ্ড উন্নয়ন বিষয়াসকলক নিজ নিজ এলেকাৰ অধীনৰ এই তিনিটা জনজাতি সম্প্ৰদায়ৰ ভোটদাতাৰ তথ্য উপলব্ধ কৰাবলৈ কৈছে।