১৫ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাত ৩ গৰাকী গ্ৰেণ্ড মাষ্টাৰক পৰাস্ত কৰে

১৫ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা সুন্দৰ প্ৰদৰ্শনেৰে তিনিগৰাকী গ্ৰেণ্ড মাষ্টাৰ আলেকজেণ্ডাৰ ইন্দজিক, অৰবিন্দ চিদাম্বৰম আৰু টেইমুৰ ৰাদজাবভক পৰাস্ত কৰে। গৌতমে অন্য দুজন খৈলুৱৈৰ বিৰুদ্ধে ডু খেলে আৰু প্ৰতিযোগিতাৰ প্ৰথম দিনা অপৰাজেয় হৈ ৰয়। খেলুৱৈগৰাকীয়ে এই জয়ৰ সুবাদত এদিনতে ৬.০ ৰেটিং পইণ্ট অৰ্জন কৰে। প্ৰথম দিনৰ খেলৰ অন্তত গৌতম প্ৰতিযোগিতাৰ অগ্ৰণী খেলুৱৈ মেগনাছ কালছেন, দি গুকেছ আৰু অৰ্জুন এৰিগেইছিতকৈ আধা পইণ্টত পিছপৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।