ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

১৫ জুলাইলৈকে ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল থাইলেণ্ডলৈ ৰাওনা

থাইলেণ্ডৰ টাক্ প্ৰদেশৰ ফ’ৰ্ট বাচিৰাপ্ৰকানত চলিত মাহৰ পহিলা তাৰিখৰ পৰা অহা ১৫ জুলাইলৈ অনুষ্ঠিত হোৱা ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ত্ৰয়োদশ সংস্কৰণ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল দেশখনলৈ কালি ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে ৭৬ জন জোৱানক লৈ ভাৰতীয় সেনা বাহিনীৰ বেটেলিয়নৰ লাডাখ স্কাউটৰ আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ সেৱাৰ লোকে প্রতিনিধিত্ব কৰিছে। থাইলেণ্ড সেনাবাহিনীৰ ৭৬ জনীয়া জোৱানৰ দলটোত মূলতঃ প্রথম বেটেলিয়ন, চতুৰ্থ ডিভিজনৰ ১৪ গৰাকী ইনফেণ্টি ৰেজিমেণ্টৰ লোকো আছে। ‘মৈত্ৰী’ অনুশীলনৰ মূল উদ্দেশ্য হৈছে ভাৰত আৰু থাইলেণ্ড মাজৰ সামৰিক সহযোগিতা বৃদ্ধি কৰা। মন্ত্ৰ্যালয়ে কৈছে যে এই অনুশীলনে ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অনুশীলনীত উল্লেখ কৰা জংঘলত আৰু নগৰীয়া পৰিৱেশত যুটীয়াভাৱে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী অভিযান চলাব। এই অনুশীলনে শাৰীৰিক ক্ষমতা যুটীয়া পৰিকল্পনা আৰু যৌথ অভিযান কৌশলত গুৰুত্ব প্ৰদান কৰিব। এই অনুশীলনে দুয়োখন দেশৰ ৰণনীতি আৰু অভিযান কৌশল বিনিময় কৰিব। এই অনুশীলনৰ শেষৰটো সংস্কৰণ ২০১৯ চনত মেঘালয়ৰ ওমতৈ সম্পন্ন হৈছিল।