চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সীমান্তৰ বাক্সা জিলাৰ সুৱণখাটাত ৯দিনীয়া কাৰ্যসূচীৰে আয়োজিত ১৪ সংখ্যক ভাৰত-ভূটান মৈত্রী মেলাৰ আজি সামৰণি পৰিব। ইয়াৰ লগতে মাঘৰ দোমাহীৰ পৰা আৰম্ভ হোৱা মাঘ মেলাৰো অন্ত পৰিব। আজি সন্ধিয়া আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ পাছতে ভাৰত-ভূটান মৈত্ৰী মেলাৰ সামৰণি পৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে। ৰাজ্যৰ বিভিন্ন জাতি-জনজাতিৰ লগতে ভূটানৰ বিভিন্ন জনগোষ্ঠীৰ বাৰে- ৰহণীয়া সাংস্কৃতিক বৈচিত্ৰক এই মেলাত প্ৰদৰ্শন কৰা হয়। বড়ো, ৰাভা, গোর্খা, চাওতালি, কোচ ৰাজবংশীৰ লগতে ভূটানৰ লোকসকলে পৰম্পৰাগত লোকনৃত্য-গীত-মাতেৰে মেলাৰ আটাইকেইটা দিন মুখৰিত হৈ পৰে। এই মেলাত ভূটানত জৈৱিকভাৱে উৎপাদিত খাদ্য সামগ্ৰীৰ বিপনীত ভালেমান লোকে ভিৰ কৰা পৰিলক্ষিত হয়। এইবাৰৰ মেলাত ভূটানৰ খাদ্য সামগ্ৰীৰ জুতি লবৰ বাবে মেলা থলীলৈ যোৱা লোকসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়। এই বন্ধুত্ব মেলাৰ জৰিয়তে ভাৰত-ভূটানৰ মাজৰ বন্ধুত্বৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ লগতে দেশ দুখনৰ মাজত বাণিজ্যিক দিশৰ উত্তৰণ ঘটিব বুলি আশা কৰা হৈছে।
Site Admin | January 24, 2026 9:47 PM | Akashvani | Akashvani News | India-Bhutan
১৪ সংখ্যক ভাৰত-ভূটান মৈত্রী মেলাৰ আজি সামৰণি পৰে