১৪ ফেব্ৰুৱাৰীত প্ৰধানমনন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা

ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ নৱনিৰ্মিত দলংখন প্রধানমনন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ সম্ভাৱনা আছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়ে কালি সামাজিক মাধ্যমত প্ৰকাশ কৰে। এই একেটা ভ্ৰমণতে প্রধানমন্ত্ৰী গৰাকীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্টৰ শুভাৰম্ভণি আৰু ১০০ খন ইলেকট্রনিক বাছ মুকলি কৰাৰ লগতে মৰাণত এডভান্স লেণ্ডি ফেছিলিটি অর্থাৎ ভাৰতীয় বায়ু সেনাৰ বিমান ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ ব্যৱস্থা মুকলি অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ কথা। অহা মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সম্ভাৰনাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ আৰু ভূটানৰ গেলেফুৰ মাজত ৰে’ল লাইনৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। ইপিনে অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ অসমলৈ অহাৰ কথা। এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত দ্বিতীয় অসম বিধানসভা ভৱনৰ আধাৰশিলাও স্থাপন কৰিব।