ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালৰ প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালত প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব। এই বিশেষ লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তি কৰা হ’ব। লোক আদালতৰ বিশেষত্ব হৈছে খৰতকীয়াকৈ গোচৰ নিষ্পত্তি কৰা। দেৱানী গোচৰৰ বাবে আদালতত পৰিশোধ কৰা মাচুল উভতাই দিয়া হয় আৰু আপিলৰ ব্যৱস্থা নাথাকে। সেয়েহে সংশ্লিষ্ট ব্যক্তিসকলে আগতীয়াকৈ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ লগতে লোক আদালতৰ দিনা সমাধান কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।