পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত সামৰি ল’বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্রহণৰ বাবে বিভিন্ন ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াসকল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। ডিব্ৰুগড় জিলাৰ ২২ খন জিলা পৰিষদ, ৯৩ খন গাঁও পঞ্চায়ত আৰু ৭টা আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনৰ বাবে ১১৬৫টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৬২টা কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। মাজুলী জিলাৰ ৪টা জিলা পৰিষদ সমষ্টি আৰু ২০ খন গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে ২১৩টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। জিলাখনৰ দুৰ্গম যাতায়াত তথা দূৰণিৰ ভোটগ্রহণ কেন্দ্ৰত প’লিং বিষয়াসকল আজি পুৱাৰ পৰাই কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। তিনিচুকীয়া জিলাতো কাইলৈ হ’বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। কাছাৰ জিলাত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে জিলাখনৰ বিভিন্ন ভোট কেন্দ্ৰত নিয়োজিত বহু বিষয়ববীয়া কালি কেন্দ্ৰসমূহলৈ ৰাওনা হয়। জিলাখনৰ ৭টা বিধানসভা সমষ্টিব ২৫ খন জিলা পৰিষদত ১৭০৬টা ভোটকেন্দ্র আছে। ইয়াৰে ২৭৪টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। শ্রীভূমিৰ পঞ্চায়ত নিৰ্বাচনৰ বেলট বাকচ ৰখাৰ বাবে কৰিমগঞ্জ মহাবিদ্যালয়ত ষ্ট্ৰংৰুমৰ ব্যৱস্থা কৰা হৈছে। ষ্ট্ৰংৰুমৰ কাষতে ভোটগণনা কক্ষৰো ব্যৱস্থা কৰা হৈছে। নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল’বলগীয়া জিলাসমূহত কাইলৈৰ দিনটো স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত জিলাসমূহৰ পঞ্চায়ত নিৰ্বাচন ক্ষেত্ৰৰ অন্তৰ্গত অঞ্চলৰ সকলো চৰকাৰী বেচৰকাৰী কার্যালয়, পঞ্চায়ত আৰু স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগিছা, উদ্যোগ আদি বন্ধ থাকিব। ভোটগ্রহণ হ’বলগীয়া জিলাসমূহত কাইলৈ আবেলি ৪-৩০ বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। ইপিনে প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে দ্বিতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া জিলাসমূহত প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে।
Site Admin | May 1, 2025 11:15 AM | assam panchayat election
১৪ খন জিলাত কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ
