■ কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে ২০১৭ চনত নিযুক্তি দিয়া ৪৫১ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মাজত ১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি কালি বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই প্রবক্তাসকলক সম্পূর্ণ যোগ্যতাৰ ভিত্তিত বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানত অংশকালীন হিচাপে নিযুক্তি দিয়া হৈছিল যদিও তেওঁলোকক পর্যায়ক্রমে বৰ্খাস্ত কৰি ৰাজ্য চৰকাৰে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়টোৰ বিৰোধী দলে তীব্ৰ প্ৰতিবাদ কৰে।
কালি সদনৰ দিনটোৰ কাম-কাজৰ অন্ত পৰাৰ কিছুসময়ৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ ১৪৭ গৰাকী ঠিকাভিত্তিক প্রবক্তাৰ নিযুক্তি বাতিল সন্দৰ্ভত অহা ২১ মাৰ্চত ৰাজ্য চৰকাৰে সদনত এটা বিবৃতি দিব বুলি ঘোষণা কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনৰ বাহিৰত সাংবাদিকৰ আগত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত পৰৱৰ্তী সময়ত অংশকালীন শিক্ষক নাথাকিব বুলি চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে।
ইপিনে, এই বিষয়টো লৈ ৰাজ্যৰ বিভিন্ন স্থানত কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাই বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। গোলাঘাট কাৰিকৰী শিক্ষা ছাত্ৰ একতা সভাৰ উদ্যোগত ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
Site Admin | March 13, 2025 11:13 AM | Assam Assembly | Assam Education Dept | Dr. Ranoj Pegu | Polytechnic
১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি বুধবাৰে বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি
