ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 4, 2024 7:42 PM | High Court

printer

১৪টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলৰ ১৪ টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ দিছে। এগৰাকী বঞ্চিত প্ৰাৰ্থীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে ১৪টাকৈ পদ বাচনিৰ তালিকা বাতিল কৰি নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। লোকসেৱা আয়োগে ২০১২ চনত স্বাস্থ্য বিভাগৰ অধীনত ১৪টাকৈ মেলেৰীয়া বিষয়া পদ বিজ্ঞাপন প্ৰকাশ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত আয়োগে বাচনি পৰীক্ষা আৰু মৌখিক পৰীক্ষা পাতি ১৪ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। কিন্তু একাংশ প্ৰাৰ্থীক নম্বৰ বৃদ্ধি কৰি উত্তীৰ্ণ কৰোৱা আৰু কেৱল মৌখিক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰাক লৈ এজন বঞ্চিত প্রার্থীয়ে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। এই গোচৰৰ ভিত্তিতে আজি ন্যায়ালয়ে ১৪টাকৈ মেলেৰীয়া বিষয়া পদৰ বাছনি তালিকা বাতিল কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।