১৩ ডিচেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাট সমাৰোহৰ আয়োজন

নটসূৰ্য সোৱৰণি উদযাপন সমিতিৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ১৩ ডিচেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাট সমাৰোহৰ আয়োজন কৰা হৈছে। উদ্বোধনী সন্ধিয়া ৰিতুপৰ্ণ দাসৰ ৰচনা আৰু পৰিচালনাৰে কুৰুক্ষেত্ৰ নাটকখন মঞ্চস্থ কৰা হ’ব। কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ স্মৃতিত সমাৰোহৰ প্ৰথম দিনটো উচৰ্গা কৰা হ’ব। সেইদিনা অনুষ্ঠানত নটসূৰ্যৰ প্ৰতিষ্ঠাপক, সাধাৰণ সম্পাদক গিয়াছুদ্দিন আহমেদৰ স্মৃতিত নাট্যকাৰ আৰু পৰিচালক তৰুণ শ‍ইকীয়া স্মাৰক বঁটা প্ৰদান কৰা হব। এই অনুষ্ঠানতে নটসূৰ্য নাট সমাৰোহৰ স্মৰণিকাও উন্মোচন কৰা হ’ব। ১৪ ডিচেম্বৰত ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত আৰু চন্দ্ৰজিৎ শ‍ইকীয়া পৰিচালিত কালজয়ী নাটক ৰূপালী মঞ্চস্থ কৰা হ’ব। আয়োজকসকলে ৰাইজৰ সুবিধাৰ্থে প্ৰতিটো দৰ্শনীতে বিনামুলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে।